Loading...

ডিগবৈ মহিলা মহাবিদ্যালয়ৰ অসমীয়া বিভাগ

ডিগবৈ মহিলা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰতিষ্ঠাপক অধ্যাপিকা আছিল কুঞ্জলতা বৰদলৈ আৰু বিনীতা বৰুৱা । মহাবিদ্যালয়খনৰ জন্মলগ্নতেই এই বিভাগটোৰো জন্ম। অৱশ্যে আৰম্ভণিৰ সময়চোৱাত মহাবিদ্যালয়খনে অসমীয়া বিভাগৰ উচ্চমান (মেজৰ)পাঠ্যক্ৰমৰ সেৱা আগবঢ়াব পৰা নাছিল যদিও পৰৱৰ্তী সময়ত এই পাঠ্যক্ৰমো উপলব্ধ হয় । এই বিভাগৰ পৰাই যথেষ্ট সংখ্যক ছাত্ৰী সুখ্যাতিৰে উৰ্ত্তীণ হৈ বৰ্তমান বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন পদত কৰ্মৰত হৈ বিভাগৰ নাম উজ্জ্বলাই ৰাখিছে। অসমীয়া বিভাগে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দ্বাৰা অনুমোদিত সন্মান বিষয়ক পাঠ্যক্ৰমৰ লগতে 2023 বৰ্ষৰ পৰা অসমীয়া বিভাগত সৃষ্টিশীল সাহিত্য বিষয়ত সংযোগী পাঠ্যক্ৰম(Add-on course)আৰু বৰ্তমানৰ FYUGP পাঠ্যক্ৰম অধ্যয়নৰো সুবিধা আগবঢ়াই আহিছে । অসমীয়া বিভাগে ছাত্ৰীসকলৰ বৌদ্ধিক আৰু মানসিক বিকাশ সাধনৰ বাবে ক্ষেত্ৰ অধ্যয়ন, ভাষা-সাহিত্য, সমাজ-সংস্কৃতি বিষয়ক কৰ্মশালা আদি কেতবোৰ গঠনমূলক কাম কৰি আহিছে ।



Dr. Preety Doulboruah

Designation : Assistant Professor
Nature of post : Permanent
Department : Assamese
Address : Titabor, Jorhat
View Profile


Mission and Vision

Vision & Mission

অসমীয়া বিভাগৰ উদ্যোগত প্ৰতিবছৰে শৈক্ষিক কৰ্মশালা, আলোচনা চক্ৰ আদি অনুষ্ঠিত কৰাৰ লগতে মাতৃভাষা দিৱস, বিভিন্ন বিষয়ত বক্তৃতা অনুষ্ঠান অনুষ্ঠিত কৰি ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন প্ৰাসংগিক বিষয়ৰ প্ৰতি আগ্ৰহ তথা বৌদ্ধিক জ্ঞান বৃদ্ধি কৰিবলৈ যত্ন কৰা হয় । প্ৰতি বছৰে বিভাগৰ তৰফৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ লিখনিৰে সমৃদ্ধ হাতে লিখা আলোচনী 'প্ৰেৰণা' আৰু 'অৰুণোদয়' নামেৰে এখনি প্ৰাচীৰ পত্ৰিকা প্ৰকাশ কৰা হয়। উল্লেখযোগ্য যে অৰুণোদয় প্ৰাচীৰ পত্ৰিকাখনে প্ৰতিবছৰে মহাবিদ্যালয় সপ্তাহত স্থান পাবলৈ সক্ষম হৈ আহিছে। তদুপৰি অসমীয়া বিভাগৰ উদ্যোগত প্ৰতিবছৰে ছাত্ৰীসকলক বিভিন্ন ঐতিহাসিক ক্ষেত্ৰ, বুৰঞ্জী প্ৰসিদ্ধ স্থান, সংগ্ৰহালয় আদিলৈ শিক্ষামূলক ভ্ৰমণৰ বাবেও লৈ যোৱা হয়।

Events

১) বিভাগীয় বাৰ্ষিক আলোচনী ' ৰ'দালি' প্ৰকাশ
২) প্ৰাচীৰ পত্ৰিকা 'প্ৰত্যুষ'
৩) অসমীয়া বিভাগে ছাত্ৰীসকলক অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যেৰে তাৎপৰ্যপূৰ্ণ দিৱস বিশেষত অসমৰ বিশিষ্ট ব্যক্তিসকলৰ স্মাৰক বক্তৃতানুষ্ঠান অনুষ্ঠিত কৰি আহিছে ।
৪) ছাত্ৰীসকলৰ উদ্দেশ্যে বিভিন্ন সময়ত সমল ব্যক্তিৰ উপস্থিতিত উদগনিমূলক অনুষ্ঠানৰ আয়োজন ।
৫) বিভাগীয় পুথিভঁৰালৰ সুবিধা ।
৬) সময়ে সময়ে অনুষ্ঠিত বিভিন্ন সাহিত্য প্ৰতিযোগীতা ।
৭) বিভিন্ন কলেজৰ লগত শৈক্ষিক বিনিময় পাঠদান কাৰ্যসূচী ।
৮) আন্ত:বিভাগীয় শৈক্ষিক পাঠদান ।
৯) ছাত্ৰীসকলৰ যোগাযোগৰ ক্ষেত্ৰত উৎকৰ্ষ সাধনৰ বাবে সমূহীয়া আলোচনা চক্ৰত, গৱেষণা পত্ৰ প্ৰস্তুত আদিৰ অনুশীলন ।

Events and Actitivies

No Events Updated

More Activities
Department Activities