ডিগবয় মহিলা মহাবিদ্যালয়-এর বাংলা বিভাগের প্রতিষ্ঠা হয় ১৯৮১ সালে।বাংলা ভাষা ও সাহিত্যের সঙ্গে বিদ্যার্থীদের পরিচয় করানোর উদ্দেশ্যেই বিভাগটির প্রতিষ্ঠা হয়।বিভাগটিতেআধুনিক ভারতীয় ভাষা (বাংলা),প্রাগ্রসর বাংলা,স্নাতক বাংলা পছন্দ ভিত্তিক ক্রেডিট পদ্ধতি(কোর কোর্স)-এ সাধারণ ঐচ্ছিক পাঠ্যক্রম,আধুনিক ভারতীয় ভাষা ইত্যাদি পাঠ্যক্রম অন্তর্ভুক্ত হয়েছে।শিক্ষার্থীদের সর্বাঙ্গীন বিকাশের উদ্দেশ্যে বিভিন্ন শৈক্ষিক পাঠ্যক্রম এবং আলোচনাচক্রের আয়োজন করা হয়।
বাংলা বিভাগৰ উদ্যোগত প্ৰতিবছৰে শৈক্ষিক কৰ্মশালা, আলোচনা চক্ৰ আদি অনুষ্ঠিত কৰাৰ লগতে মাতৃভাষা দিৱস, বিভিন্ন বিষয়ত বক্তৃতা অনুষ্ঠান অনুষ্ঠিত কৰি ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন প্ৰাসংগিক বিষয়ৰ প্ৰতি আগ্ৰহ তথা বৌদ্ধিক জ্ঞান বৃদ্ধি কৰিবলৈ যত্ন কৰা হয় । প্ৰতি বছৰে বিভাগৰ তৰফৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ লিখনিৰে সমৃদ্ধ হাতে লিখা আলোচনী 'প্ৰেৰণা' আৰু 'অৰুণোদয়' নামেৰে এখনি প্ৰাচীৰ পত্ৰিকা প্ৰকাশ কৰা হয়। উল্লেখযোগ্য যে অৰুণোদয় প্ৰাচীৰ পত্ৰিকাখনে প্ৰতিবছৰে মহাবিদ্যালয় সপ্তাহত স্থান পাবলৈ সক্ষম হৈ আহিছে। তদুপৰি অসমীয়া বিভাগৰ উদ্যোগত প্ৰতিবছৰে ছাত্ৰীসকলক বিভিন্ন ঐতিহাসিক ক্ষেত্ৰ, বুৰঞ্জী প্ৰসিদ্ধ স্থান, সংগ্ৰহালয় আদিলৈ শিক্ষামূলক ভ্ৰমণৰ বাবেও লৈ যোৱা হয়।
১) বিভাগীয় বাৰ্ষিক আলোচনী ' ৰ'দালি' প্ৰকাশ
২) প্ৰাচীৰ পত্ৰিকা 'প্ৰত্যুষ'
৩) অসমীয়া বিভাগে ছাত্ৰীসকলক অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যেৰে তাৎপৰ্যপূৰ্ণ দিৱস বিশেষত অসমৰ বিশিষ্ট ব্যক্তিসকলৰ স্মাৰক বক্তৃতানুষ্ঠান অনুষ্ঠিত কৰি আহিছে ।
৪) ছাত্ৰীসকলৰ উদ্দেশ্যে বিভিন্ন সময়ত সমল ব্যক্তিৰ উপস্থিতিত উদগনিমূলক অনুষ্ঠানৰ আয়োজন ।
৫) বিভাগীয় পুথিভঁৰালৰ সুবিধা ।
৬) সময়ে সময়ে অনুষ্ঠিত বিভিন্ন সাহিত্য প্ৰতিযোগীতা ।
৭) বিভিন্ন কলেজৰ লগত শৈক্ষিক বিনিময় পাঠদান কাৰ্যসূচী ।
৮) আন্ত:বিভাগীয় শৈক্ষিক পাঠদান ।
৯) ছাত্ৰীসকলৰ যোগাযোগৰ ক্ষেত্ৰত উৎকৰ্ষ সাধনৰ বাবে সমূহীয়া আলোচনা চক্ৰত, গৱেষণা পত্ৰ প্ৰস্তুত আদিৰ অনুশীলন ।